Show/Hide Keyboard Layout

লুইতৰ পাৰৰে আমি ডেকা ল’ৰা

- জ্যোতিপ্ৰসাদ আগৰৱালা

লুইতৰ পাৰৰে আমি ডেকা ল’ৰা

মৰিবলৈ ভয় নাই

আই আই আই ।

 

মুকুতি মেধৰ মহান মেজিৰ

নেজাল ফিৰিঙতি চাই

পুৰোহিতো যদি থিতাতে আঁতৰি

ত্ৰাসতে মূৰ্ছা যায় ।

 

আমি আগ বাঢ়ি

ডিঙি পাতি পাতি

তেজেৰে বলিশাল

যামে বোলাই

তাহানি লাচিতে

এৰি থৈ যোৱাৰে

পৰা জননী তোৰ

দুখে বেজাৰৰে

লঘু লাঞ্ছনাৰে

আজিও নপৰিল ওৰ ।

 

শত কাপুৰুষ পুৰুষে সহিলেও

আমাৰ যে নসহে গায় ।

 

আমি ডেকা ল’ৰাই জীৱন পণ কৰিছোঁ

মোহাৰ চকুলো

অসমী আই

কলিজাৰ আই ।।

 

Hits: 1724